বনকুঁৱৰী

 

Class 11 Assamese Question Answer

অতি চমু প্ৰশ্ন (মূল্যাংক-১)


১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি ?


উত্তৰঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম- বনকুঁৱৰী ৷




৩। বেজবৰুৱাই 'প্ৰতিমা' সম্পৰ্কে কি মন্তব্য কৰিছিল ?


উত্তৰঃ বেজবৰুৱাই 'প্ৰতিমা' সম্পৰ্কে কৈছিল যে- 'প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ ৷’




৩। 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?


উত্তৰঃ 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক- চন্দ্ৰকুমাৰ আগৰৱালা ৷




৪। 'প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?


উত্তৰঃ  'প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ৷




৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?


উত্তৰঃ  চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু-প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য ৷




চমু প্ৰশ্ন (মূল্যাংক-২/৩)


১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা ৷


উত্তৰঃ  চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম- প্ৰতিমা আৰু বীণবৰাগী ৷




২। 'জোনাকী' যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা হয় ?


উত্তৰঃ 'জোনাকী' যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয় ৷




৩। 'বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ?


উত্তৰঃ  'বনকুঁৱৰী’ কবিতাটিৰ লগত অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা জলকুৱঁৰী, গৃহলক্ষ্মী আদিৰ দৰে বনৰ দেৱী বনকুঁৱৰীৰ জনবিশ্বাস জড়িত হৈ আছে ৷




৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে ?


উত্তৰঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছে ৷




৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?


উত্তৰঃ হাবিৰ মাজত বতাহৰ বা লাগি শুকান পাতত মৰমৰণি শব্দ উঠিছিল ৷




 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)


১। 'বনকুঁৱৰী’ কবিতাটিৰ মূলভাৱ লিখা ৷


উত্তৰঃ 'বনকুঁৱৰী' কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বচনীয় আনন্দৰ সন্ধান পাইছে ৷


এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে ৷ বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে,পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰমৰ ধ্বনি উঠিছে৷লতাবোৰে মৰমতে যেন ইটোৱে সিটোক সাৱটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে ৷ কুলুকুলুকৈ বৈ যোৱা নদী খনলৈ চাই বিৰিখে হালি জালি হাঁহিছ ৷ তাৰ মাজতে আকৌ বকুল এজোপা,তামোল,লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে৷তাত বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে ৷ পাতে পাতে ফুচফুচাই কিবা কথা পাতিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে  ৷ মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী,লগত জলৰ দেৱী নীয়ৰী ৷ বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে৷আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছে ৷


কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ,অনিৰ্বচনীয় আনন্দ দিব পাৰে,কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে৷চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে,কবিয়ে যেন তাকেই সন্ধান দিব বিচাৰিছে ৷




২। 'বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা ৷


উত্তৰঃ 'বনকুঁৱৰী' কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বচনীয় আনন্দৰ সন্ধান পাইছে ৷


এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে৷বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে,পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰমৰ ধ্বনি উঠিছে৷লতাবোৰে মৰমতে যেন ইটোৱে সিটোক সাৱটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে৷কুলুকুলুকৈ বৈ যোৱা নদী খনলৈ চাই বিৰিখে হালি জালি হাঁহিছে৷তাৰ মাজতে আকৌ বকুল এজোপা,তামোল,লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে৷তাত বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে৷পাতে পাতে ফুচফুচাই কিবা কথা পাতিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী,লগত জলৰ দেৱী নীয়ৰী৷বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে৷আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছে ৷




৩। 'বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা ৷


উত্তৰঃ কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ,অনিৰ্বচনীয় আনন্দ দিব পাৰে,কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী, জলৰ দেৱী নীয়ৰীৰ লগত তুলনা কৰিছে৷চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে,কবিয়ে যেন তাকেই সন্ধান দিব বিচাৰিছে ৷




৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ৷


উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮): এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা ।




৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ


ক) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,


উছলাইছে গৈ জান


কাৰণ নেদেখা আনন্দৰ ঢৌৱে


বুৰালে প্ৰাণীৰ প্ৰাণ৷


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত 'বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷


কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত  প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা ক’বলৈ গৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷


বন্য ফুল পাতেৰে সজ্জিতা বনকুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলিয়া কৰিছে ৷ মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে৷বনকুঁৱৰী আৰু জলকুৱঁৰী দুয়োৰে মিচিকিয়াঁ হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে৷দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন শিয়ৰি উঠিছে৷এই শিহৰণে জান,জুৰিৰ পানী উছলাই তুলিছে৷এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে৷আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম,ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে ৷




খ)মুকলি চুলিৰে নাম গাই ঘূৰি


চাপৰি টুক্ টুক্ টুক্ ।


ৰূপহীৰ মেল দেৱযোনি খেল


মানুহে নেদেখা মুখ ।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত 'বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷


কবিয়ে বনকুঁৱৰীয়ে কিদৰে  প্ৰকৃতিৰ বুকুত খেলি কৰি নিজৰ ৰূপেৰে মানুহক মুগ্ধ কৰিছে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷


কবিয়ে কবিতাটিত প্ৰকৃতিক মানৱীয় ৰূপত কল্পনা কৰিছে ৷ বনকুঁৱৰীয়ে যেন প্ৰকৃতি জগতখনক মোহময়ী কৰি তুলিছে ৷ আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে৷তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন৷প্ৰকৃতিৰ এই অনিৰ্বচনীয় ৰূপ আৰু স্বাধীন সত্ত্বাটোৱে কবিক আকৰ্ষিত কৰিছে৷সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰা টুকটুক চাপৰি বজোৱা ছোৱালীজনী৷প্ৰকৃতি সত্ত্বাৰ এই ভুৱন ভোলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকিয়াঁ হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে ৷


ধনবৰ আৰু ৰতনী

 অতি চমু প্ৰশ্নঃ (মূল্যাংক-১) 

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- কদমকলি ৷


২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- মোৰ জীৱন সোঁৱৰণ ৷


৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ৷


৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি ৷


৫। 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ 'বাঁহী' আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল ৷


 চমু প্ৰশ্ন (মূল্যাংক ২/৩) 

১। মালিতা কি?ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ মালিতা হৈছে আখ্যানমূলক গীত ৷ ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয় ৷


২। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷


৩। " বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক" - বুলি কোনে কিয় কৈছে?

উত্তৰঃ উক্ত কথাষাৰৰ বক্ত্বা ধনবৰ ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বিলাপ কৰিছে ৷


৪। " ৰতনীক তুলিলে মাকে বাপেকে

ধনাইৰ কাল শতৰু কৰি"

- ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ  মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল ৷ সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে দান দিছিল ৷ সেই বাবেই ৰতনীক ধনবৰৰ কাল শতৰু বুলি কোৱা হৈছে ৷


৫। " পাৰতে কান্দিছে ধনবৰ দুখীয়া" - ধনবৰে কিয় কান্দিছে?

উত্তৰঃ এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল ৷ ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল ৷ ব্যৰ্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিবলৈ ধৰিলে ৷


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১। 'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে ৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল ৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে ৷ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল ৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল ৷ সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল ৷ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল ৷


২। 'ধনবৰ আৰু ৰতনী' কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰঃ 'ধনবৰ আৰু ৰতনী' কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে ৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল ৷ কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল ৷ সি ৰতনীৰ বিৰহত ব্ৰহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে ৷ বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনৰে বিলাপ কৰিছ৷ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতো পিতৃ মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্ৰশ্ন কৰিছে ৷ ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে "যাগে ৰতনী! নাহিবি নাহিবি, বিচাৰি নাহিবি মোক ৷" বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্ৰকাশ কৰিছে ৷


৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷

উত্তৰঃ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্ৰকাশ পাইছে ৷ ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই  ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷ মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কয় ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ  বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷


 ৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,

বালিতে উৰিল ঐ ঘোঁৰা,

সেন্দূৰী টিঙতে বহি উটি গ’লে

ৰতনী ধনাইৰি পৰা ৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই  ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ  বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে ৷


খ) ফুটুকাৰ তলতে যখিনী ছোৱালী ৷

টুকটুক চাপৰি বায়

ধনাইৰ ছাঁতে ৰতনী নাই ঐ

কোনে তাৰ মুখলৈ  চায়৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে ৷ ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত ৰৈ ৰৈ বিলাপ কৰিছে ৷ ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে ৷ ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ৷


 অতিৰিক্ত প্ৰশ্নঃ 

১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি ৷


২। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি, কেহোঁকলি ৷


৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম- বুঢ়ী আইৰ সাধু,জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা ৷


৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত  জীৱন চৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ ৷


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্ৰীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা ৷


৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল ৷

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

 অতি চমু প্ৰশ্ন(মূল্যাংক-১) 


১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীত 'মন মেৰি ৰাম চৰণহি লাগু' ৷

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম ভক্তি ৰত্নাকৰ ৷

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল ৷

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?
উত্তৰঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত ৷

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উত্তৰঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্ৰকাশ ৷


 চমু প্ৰশ্ন (মূল্যাংক-২/৩) 
১। ' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা ৷ ইয়াৰদ্বাৰা ভগৱানৰ কথা কোৱা হৈছে ৷

২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷
উত্তৰঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী আৰু মুৰ ।

৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে?
উত্তৰঃ বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ ৷

৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰপৰা বেদসমূহ উদ্ধাৰ কৰিছিল ৷

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰঃ বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয় ৷ তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে ৷


 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫) 

১। শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটিৰ মূলভাব লিখা ৷
উত্তৰঃ শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটি  ভগৱান শ্ৰীকৃষ্ণৰ জয় ধ্বনিৰে আৰম্ভ কৰা হৈছে ৷ বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে ৷ তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয় ৷ কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে ৷

২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
উত্তৰঃ বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে ৷ বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ 'শ্ৰুতমাত্ৰাখিলত্ৰাতা' ৷ অৰ্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে ৷ প্ৰলয় জলৰপৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল ৷ কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰেৰে যেতিয়া জগতবাসীৰ শান্তি ভংগ কৰিছিল, তেতিয়াই তেনে অসুৰক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত কবিয়ে প্ৰণিপাত জনাইছে ৷

৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷
উত্তৰঃ বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা কৰা হৈছে ৷শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে৷' শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি গৈছে ৷ এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে ৷

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা৷
উত্তৰঃ সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ' জয় জয় যাদৱ জলনিধিজা' বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত৷গীতটো আশোৱাৰী ৰাগত বন্ধা ৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে ৷ বৰগীতটিত ব্যৱহৃত ভাষা হৈছে ব্ৰজাৱলী ৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে ৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্ৰ প্ৰদান কৰিছে ৷ যেনে- 'জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী' ৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ৷


৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷
মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ৷
উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত বৰগীত পাঠটোৰ পৰা তুলি দিয়া হৈছে ৷
ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে ৷
    ভগৱান শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ ৷ সেই ভগৱন্তই সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে ৷ তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে৷নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ ৷ তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে ৷


অতিৰিক্ত প্ৰশ্নঃ
১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?
উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি 'কীৰ্তন ঘোষা' ৷

২। শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত-বৰগীত, ভটিমা, টোটয়, চপয় ৷

৩। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম-বিজয় ৷

৪। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?
উত্তৰঃ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ- ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ ৷

৫। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- কীৰ্তন ঘোষা আৰু গুণমালা ৷

৬। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?
উত্তৰঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ ৷

৭। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ৷
উত্তৰঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন ৷

ৰাৱণক বিভীষণৰ সজ উপদেশ

 অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?

উত্তৰঃ মাধৱ কন্দলি প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি ৷


২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?

উত্তৰঃ সীতাক হৰণ কৰি নি ৰাৱণে অশোক বনত বন্দী কৰি ৰাখিছিল ৷


৩। 'অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?

উত্তৰঃ 'অপ্ৰমাদী’ শব্দৰ অৰ্থ - ভ্ৰান্তিহীন ৷


৪। ইন্দ্ৰজিৎ কোন আছিল?

উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ, এজন যোদ্ধা আছিল ৷


৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ ৰাৱণৰ পত্নীৰ নাম মন্দোদৰী আছিল ৷


 চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। 'নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?

উত্তৰঃ 'নৈকেষী’ ৰাৱণৰ মাতৃ ৷

লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী চিন্তাত পৰিছিল ৷ যুদ্ধ হ’লে লংকা সৰ্বনাশ হ’ব বুলি আশংকা কৰিছিল ৷ সেয়ে তেওঁ স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দি লংকাক সৰ্বনাশ হোৱাৰ পৰা ৰক্ষা কৰাৰ উপদেশ দি বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল ৷


২। 'নাগপাশ’ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে  বন্দী কৰি থৈছিল?

উত্তৰঃ 'নাগপাশ’ হ’ল- পুৰণিকালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ ৷

    সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাকো দৰ্শন কৰে৷ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে  বন্দী কৰি থৈছিল ৷


৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?

উত্তৰঃ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই লগাই দি এৰি দিলে ৷ হনুমানে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গোটেই লংকানগৰী পুৰি শেষ হয় ৷


৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড নামেৰে ৰামায়ণৰ দুটা কাণ্ড ৰচনা কৰিছিল ৷


৫। উত্তম,মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ৰাজসভাৰ সকলো মন্ত্ৰী একমত হৈ দিয়া মন্ত্ৰক উত্তম, অধিকাংশ মন্ত্ৰীয়ে একমত হৈ দিয়া মন্ত্ৰক মধ্যম আৰু নিজৰ বল শক্তিৰ ওপৰত আস্থা নাৰাখি দৈৱলৈ ঠেলি দি গ্ৰহণ কৰা মন্ত্ৰক অধম মন্ত্ৰ কোৱা হয় ৷

    ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্ৰক ব্যৱহাৰ কৰা হয় ৷


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?

উত্তৰঃ লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি ৰামে বান্দৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে ৷ এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হৈ পৰে ৷ তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ সেই অনুসৰি বিভীষণ ৰামৰ ৰাজসভাত উপস্থিত হয় ৷ পাত্ৰ-মন্ত্ৰী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান জনাই তেওঁ কয় যে,ৰাম জগতৰ প্ৰতি আৰু যুদ্ধ হ’লে তেওঁৰ হাতত স্বৰ্ণলংকা ধ্বংস অনিবাৰ্য ৷ অনতিপলমে বান্দৰ সেনাৰ সহযোগত সাগৰ পাৰ কৰি লংকাত প্ৰৱেশ কৰিব আৰু সীতাকো উদ্ধাৰ কৰি লৈ যাব ৷ ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই ৷ সেয়ে সময় থাকোঁতেই ৰাৱণে সীতাক স-সন্মানেৰে ৰামৰ হাতত গতাই দিয়া উচিত৷


২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?

উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে,ৰজা সুগ্ৰীৱৰ লগত লগ হৈ বান্দৰ সেনাৰ সহযোগত সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ৷ ইয়াৰ পুৰ্বে ৰামে ভক্ত হনুমানক লংকালৈ প্ৰেৰণ কৰে ৷ হনুমান গৈ সীতাক দেখা কৰাৰ লগতে হাবি-বন তহিলং কৰে ৷ হনুমানৰ হাতত বহু সৈন্যৰ প্ৰাণো যায় ৷ অৱশেষত ইন্দ্ৰজিতে অন্যায়ভাৱে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই জ্বলাই এৰি দিয়ে ৷ এৰি দিয়াৰ লগে লগেই হনুমানে নেগুৰৰ জুইৰে লংকা পুৰি ছাঁই কৰে ৷ ইয়াৰ পিছতে বান্দৰ সৈন্যৰ সহযোগত ৰামে সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰে ৷ লংকাৰ বিস্তৰ সৈন্যৰ লগতে মেঘনাদ, কুম্ভকৰ্ণ, ৰাৱণক পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে ৷


৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷

উত্তৰঃ কবিতাটোত বিভীষণক এজন ৰাম ভক্ত, ধীৰ আৰু গম্ভীৰ পুৰুষ হিচাপে অংকন কৰিছে ৷ ৰাৱণৰ অহংকাৰী স্বভাৱৰ পৰিবৰ্তে বিভীষণ এজন নম্ৰ প্ৰকৃতিৰ লোক ৷ মাতৃ নৈকেষীৰ নিৰ্দেশ মানি বিভীষণে ৰাৱণক বুজাই বঢ়াই ৰামৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত ৰাখিবলৈ উপদেশ দিছে ৷ ৰাজসভাত বহি থকা ৰাৱণক উপদেশ দান কৰোঁতে বিভীষণে ৰাজনৈতিক বৌদ্ধিক পৰিপক্কতাৰ পৰিচয় দিছে ৷ ৰামৰ লগত যুদ্ধৰ পৰিবৰ্তে  স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দিয়াৰ উপদেশত বিভীষণৰ দূৰদৰ্শী চৰিত্ৰৰ প্ৰকাশ পাইছে ৷ এনেদৰে বিভীষণক কবিয়ে এটা ৰামভক্ত চৰিত্ৰ হিচাপে কবিতাটোত তুলি ধৰিছে ৷


৪। মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

উত্তৰঃ প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে চতুৰ্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল ৷ আধুনিক ভাৰতীয় আৰ্য ভাষা সমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণ খনেই প্ৰথম ৰচনা ৷ অৱশ্যে তেওঁৰ অনুদিত ৰামায়ণখনৰ পাঁচটা হে কাণ্ড পোৱা যায় ৷ উত্তৰাকাণ্ড আৰু আদিকাণ্ড পোৱা নাযায় ৷ মাধৱ কন্দলিয়ে বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ কৰাৰ পৰিবৰ্তে ভাবানুবাদ হে কৰিছে ৷ যাৰ বাবে কবিৰ স্বকীয় কাব্য প্ৰতিভা প্ৰতিটো কাণ্ডতে স্পষ্ট ৰূপত দেখা পোৱা গৈছে ৷ তেওঁ অৱতাৰণা কৰা ভালেমান কথা বাল্মীকিৰ ৰামায়ণতো নাই ৷ যেনে-

" শুনিয়োক সভাসদ ৰামৰ চৰিত্ৰ ৷

পৰম সুৰস ৰস কৰ্ণৰ অমৃত ৷ ৷"

এইবোৰ তেওঁৰ নিজা সংযোগ, যিয়ে তেওঁৰ কবি প্ৰতিভাৰ অনন্য চানেকি বহন কৰিছে ৷ তদুপৰি কাব্যত প্ৰয়োগ কৰা ভাষা, ছন্দ, অলংকাৰ আদিৰ মাজেদি তেওঁৰ কবি প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে ৷ ঘৰুৱা ভাষাৰ প্ৰয়োগ মাধৱ কন্দলিৰ কাব্যৰ অন্যতম বিশেষত্ব ৷ সৰল-সহজ ঘৰুৱা ভাষাৰ প্ৰয়োগেৰে তেওঁ ৰামায়ণখনক সৰ্বসাধাৰণ চহা ৰাইজৰ উপযোগী কৰি তুলিছে ৷ যেনে-

" লংকা পুৰি হনুমন্ত গৈল যেন মতে ৷

আপুনিও দেখিলাহা পাত্ৰ সম্বনিতে ৷ ৷"

কবিয়ে পৰম্পৰাগত ছন্দৰীতিৰ প্ৰয়োগেৰে ৰামায়ণখন সুখপাঠ্য কৰি তুলিছে ৷ আমাৰ পাঠ্য কাব্যাংশত পহ ছন্দৰ (৮+৬) সফল প্ৰয়োগ লক্ষ্য কৰা যায় ৷ যেনে- 

" ৰাজনয় সমুচিত ধৰ্মক জানন্ত ৷ ৷

ৰাৱণক সম্বুধিয়া বাক্য বুলিলন্ত ৷ ৷"

বিভিন্ন সাহিত্য অলংকাৰৰ প্ৰয়োগৰ ফলত কাব্যঃ সৌন্দৰ্য দুগুনে চৰিছে ৷ সমগ্ৰ ৰামায়ণতে শব্দালংকাৰ আৰু অৰ্থালংকাৰ সমাহাৰ ঘটিছে ৷ অনুপ্ৰাস অলংকাৰ প্ৰয়োগৰ এটা উদাহৰণ হ’ল-

" ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ য’ত ধৰ্ম ৷

নাগপাশে বান্ধিলেক ইকি যোগ্য কৰ্ম ৷ ৷"

ইয়াৰ উপৰিও ৰামায়ণখনত কবিয়ে স্বকীয় প্ৰতিভাৰে থলুৱা গছ-লতিকা, চৰাই চিৰিকতি আদিৰ নাম উল্লেখ কৰিছে ৷ যাৰ বাবে ৰামায়ণখন পাঠক ৰাইজৰ অতি আপোন হৈ পৰিছে ৷ এনেদৰে দেখা যায়, মাধৱ কন্দলিৰ ৰামায়ণৰ মাজেৰে তেওঁৰ কাব্যিক প্ৰতিভা সুন্দৰ ৰুপত প্ৰকাশ পাইছে ৷


৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল?

উত্তৰঃ বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰিবলৈ আৰু সীতাক স-সন্মানেৰে ঘূৰাই দিবলৈ উপদেশ দিছিল ৷ কিন্তু বিভীষণৰ এই সহজ উপদেশৰ বিপৰীতে ৰাৱণৰ ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক যুদ্ধৰ বাবেহে উচতনি দিছিল ৷ তেওঁলোকে ৰাৱণক ক’লে যে, ভুলবশতঃ হে হনুমানে লংকা দাহ কৰিবলৈ সক্ষম হ’ল ৷ সম্প্ৰতি শত্ৰুৰ আক্ৰমণ প্ৰতিহিত কৰিব পৰাকৈ এতিয়া সকলো সাৱধান হৈ আছে ৷ তেনে ক্ষেত্ৰত ৰামৰ দৰে সাধাৰণ মানুহ এজনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্ত্ৰীবোৰে ৰাৱণক যুদ্ধৰ বাবে প্ৰস্তুত হ’বলৈ ক’লে ৷

এখন চিঠি

  Class 11 Assamese Question Answer অতি চমু প্ৰশ্ন (মূল্যাংক-১)  ১। 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰঃ ...