অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?
উত্তৰঃ মাধৱ কন্দলি প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি ৷
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উত্তৰঃ সীতাক হৰণ কৰি নি ৰাৱণে অশোক বনত বন্দী কৰি ৰাখিছিল ৷
৩। 'অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?
উত্তৰঃ 'অপ্ৰমাদী’ শব্দৰ অৰ্থ - ভ্ৰান্তিহীন ৷
৪। ইন্দ্ৰজিৎ কোন আছিল?
উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ, এজন যোদ্ধা আছিল ৷
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ ৰাৱণৰ পত্নীৰ নাম মন্দোদৰী আছিল ৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। 'নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?
উত্তৰঃ 'নৈকেষী’ ৰাৱণৰ মাতৃ ৷
লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী চিন্তাত পৰিছিল ৷ যুদ্ধ হ’লে লংকা সৰ্বনাশ হ’ব বুলি আশংকা কৰিছিল ৷ সেয়ে তেওঁ স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দি লংকাক সৰ্বনাশ হোৱাৰ পৰা ৰক্ষা কৰাৰ উপদেশ দি বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল ৷
২। 'নাগপাশ’ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
উত্তৰঃ 'নাগপাশ’ হ’ল- পুৰণিকালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ ৷
সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাকো দৰ্শন কৰে৷ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বন্দী কৰি থৈছিল ৷
৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?
উত্তৰঃ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই লগাই দি এৰি দিলে ৷ হনুমানে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গোটেই লংকানগৰী পুৰি শেষ হয় ৷
৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড নামেৰে ৰামায়ণৰ দুটা কাণ্ড ৰচনা কৰিছিল ৷
৫। উত্তম,মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ৰাজসভাৰ সকলো মন্ত্ৰী একমত হৈ দিয়া মন্ত্ৰক উত্তম, অধিকাংশ মন্ত্ৰীয়ে একমত হৈ দিয়া মন্ত্ৰক মধ্যম আৰু নিজৰ বল শক্তিৰ ওপৰত আস্থা নাৰাখি দৈৱলৈ ঠেলি দি গ্ৰহণ কৰা মন্ত্ৰক অধম মন্ত্ৰ কোৱা হয় ৷
ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্ৰক ব্যৱহাৰ কৰা হয় ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উত্তৰঃ লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি ৰামে বান্দৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে ৷ এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হৈ পৰে ৷ তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ সেই অনুসৰি বিভীষণ ৰামৰ ৰাজসভাত উপস্থিত হয় ৷ পাত্ৰ-মন্ত্ৰী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান জনাই তেওঁ কয় যে,ৰাম জগতৰ প্ৰতি আৰু যুদ্ধ হ’লে তেওঁৰ হাতত স্বৰ্ণলংকা ধ্বংস অনিবাৰ্য ৷ অনতিপলমে বান্দৰ সেনাৰ সহযোগত সাগৰ পাৰ কৰি লংকাত প্ৰৱেশ কৰিব আৰু সীতাকো উদ্ধাৰ কৰি লৈ যাব ৷ ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই ৷ সেয়ে সময় থাকোঁতেই ৰাৱণে সীতাক স-সন্মানেৰে ৰামৰ হাতত গতাই দিয়া উচিত৷
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে,ৰজা সুগ্ৰীৱৰ লগত লগ হৈ বান্দৰ সেনাৰ সহযোগত সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ৷ ইয়াৰ পুৰ্বে ৰামে ভক্ত হনুমানক লংকালৈ প্ৰেৰণ কৰে ৷ হনুমান গৈ সীতাক দেখা কৰাৰ লগতে হাবি-বন তহিলং কৰে ৷ হনুমানৰ হাতত বহু সৈন্যৰ প্ৰাণো যায় ৷ অৱশেষত ইন্দ্ৰজিতে অন্যায়ভাৱে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই জ্বলাই এৰি দিয়ে ৷ এৰি দিয়াৰ লগে লগেই হনুমানে নেগুৰৰ জুইৰে লংকা পুৰি ছাঁই কৰে ৷ ইয়াৰ পিছতে বান্দৰ সৈন্যৰ সহযোগত ৰামে সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰে ৷ লংকাৰ বিস্তৰ সৈন্যৰ লগতে মেঘনাদ, কুম্ভকৰ্ণ, ৰাৱণক পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে ৷
৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা ৷
উত্তৰঃ কবিতাটোত বিভীষণক এজন ৰাম ভক্ত, ধীৰ আৰু গম্ভীৰ পুৰুষ হিচাপে অংকন কৰিছে ৷ ৰাৱণৰ অহংকাৰী স্বভাৱৰ পৰিবৰ্তে বিভীষণ এজন নম্ৰ প্ৰকৃতিৰ লোক ৷ মাতৃ নৈকেষীৰ নিৰ্দেশ মানি বিভীষণে ৰাৱণক বুজাই বঢ়াই ৰামৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত ৰাখিবলৈ উপদেশ দিছে ৷ ৰাজসভাত বহি থকা ৰাৱণক উপদেশ দান কৰোঁতে বিভীষণে ৰাজনৈতিক বৌদ্ধিক পৰিপক্কতাৰ পৰিচয় দিছে ৷ ৰামৰ লগত যুদ্ধৰ পৰিবৰ্তে স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দিয়াৰ উপদেশত বিভীষণৰ দূৰদৰ্শী চৰিত্ৰৰ প্ৰকাশ পাইছে ৷ এনেদৰে বিভীষণক কবিয়ে এটা ৰামভক্ত চৰিত্ৰ হিচাপে কবিতাটোত তুলি ধৰিছে ৷
৪। মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
উত্তৰঃ প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে চতুৰ্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল ৷ আধুনিক ভাৰতীয় আৰ্য ভাষা সমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণ খনেই প্ৰথম ৰচনা ৷ অৱশ্যে তেওঁৰ অনুদিত ৰামায়ণখনৰ পাঁচটা হে কাণ্ড পোৱা যায় ৷ উত্তৰাকাণ্ড আৰু আদিকাণ্ড পোৱা নাযায় ৷ মাধৱ কন্দলিয়ে বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ কৰাৰ পৰিবৰ্তে ভাবানুবাদ হে কৰিছে ৷ যাৰ বাবে কবিৰ স্বকীয় কাব্য প্ৰতিভা প্ৰতিটো কাণ্ডতে স্পষ্ট ৰূপত দেখা পোৱা গৈছে ৷ তেওঁ অৱতাৰণা কৰা ভালেমান কথা বাল্মীকিৰ ৰামায়ণতো নাই ৷ যেনে-
" শুনিয়োক সভাসদ ৰামৰ চৰিত্ৰ ৷
পৰম সুৰস ৰস কৰ্ণৰ অমৃত ৷ ৷"
এইবোৰ তেওঁৰ নিজা সংযোগ, যিয়ে তেওঁৰ কবি প্ৰতিভাৰ অনন্য চানেকি বহন কৰিছে ৷ তদুপৰি কাব্যত প্ৰয়োগ কৰা ভাষা, ছন্দ, অলংকাৰ আদিৰ মাজেদি তেওঁৰ কবি প্ৰতিভা সুন্দৰকৈ প্ৰকাশ পাইছে ৷ ঘৰুৱা ভাষাৰ প্ৰয়োগ মাধৱ কন্দলিৰ কাব্যৰ অন্যতম বিশেষত্ব ৷ সৰল-সহজ ঘৰুৱা ভাষাৰ প্ৰয়োগেৰে তেওঁ ৰামায়ণখনক সৰ্বসাধাৰণ চহা ৰাইজৰ উপযোগী কৰি তুলিছে ৷ যেনে-
" লংকা পুৰি হনুমন্ত গৈল যেন মতে ৷
আপুনিও দেখিলাহা পাত্ৰ সম্বনিতে ৷ ৷"
কবিয়ে পৰম্পৰাগত ছন্দৰীতিৰ প্ৰয়োগেৰে ৰামায়ণখন সুখপাঠ্য কৰি তুলিছে ৷ আমাৰ পাঠ্য কাব্যাংশত পহ ছন্দৰ (৮+৬) সফল প্ৰয়োগ লক্ষ্য কৰা যায় ৷ যেনে-
" ৰাজনয় সমুচিত ধৰ্মক জানন্ত ৷ ৷
ৰাৱণক সম্বুধিয়া বাক্য বুলিলন্ত ৷ ৷"
বিভিন্ন সাহিত্য অলংকাৰৰ প্ৰয়োগৰ ফলত কাব্যঃ সৌন্দৰ্য দুগুনে চৰিছে ৷ সমগ্ৰ ৰামায়ণতে শব্দালংকাৰ আৰু অৰ্থালংকাৰ সমাহাৰ ঘটিছে ৷ অনুপ্ৰাস অলংকাৰ প্ৰয়োগৰ এটা উদাহৰণ হ’ল-
" ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ য’ত ধৰ্ম ৷
নাগপাশে বান্ধিলেক ইকি যোগ্য কৰ্ম ৷ ৷"
ইয়াৰ উপৰিও ৰামায়ণখনত কবিয়ে স্বকীয় প্ৰতিভাৰে থলুৱা গছ-লতিকা, চৰাই চিৰিকতি আদিৰ নাম উল্লেখ কৰিছে ৷ যাৰ বাবে ৰামায়ণখন পাঠক ৰাইজৰ অতি আপোন হৈ পৰিছে ৷ এনেদৰে দেখা যায়, মাধৱ কন্দলিৰ ৰামায়ণৰ মাজেৰে তেওঁৰ কাব্যিক প্ৰতিভা সুন্দৰ ৰুপত প্ৰকাশ পাইছে ৷
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল?
উত্তৰঃ বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰিবলৈ আৰু সীতাক স-সন্মানেৰে ঘূৰাই দিবলৈ উপদেশ দিছিল ৷ কিন্তু বিভীষণৰ এই সহজ উপদেশৰ বিপৰীতে ৰাৱণৰ ৰাজসভাত থকা পাত্ৰ মন্ত্ৰী সকলে ৰাৱণক যুদ্ধৰ বাবেহে উচতনি দিছিল ৷ তেওঁলোকে ৰাৱণক ক’লে যে, ভুলবশতঃ হে হনুমানে লংকা দাহ কৰিবলৈ সক্ষম হ’ল ৷ সম্প্ৰতি শত্ৰুৰ আক্ৰমণ প্ৰতিহিত কৰিব পৰাকৈ এতিয়া সকলো সাৱধান হৈ আছে ৷ তেনে ক্ষেত্ৰত ৰামৰ দৰে সাধাৰণ মানুহ এজনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্ত্ৰীবোৰে ৰাৱণক যুদ্ধৰ বাবে প্ৰস্তুত হ’বলৈ ক’লে ৷
No comments:
Post a Comment