Class 11 Assamese Question Answer
অতি চমু প্ৰশ্ন(মূল্যাংক-১)
১। 'অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?
উত্তৰঃ 'অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা ৷
২। 'ব্লেক আউট’ মানে কি?
উত্তৰঃ 'ব্লেক আউট’ মানে নিষ্প্ৰদীপ ৷
৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?
উত্তৰঃ ৰাজপথত নিশাৰ অন্ধকাৰত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে ৷
৪। 'ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উত্তৰঃ 'ৰাজপথ’ কবিতাটি প্ৰথমে জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল ৷
৫। 'নচিকেতা’ কাৰ ছদ্মনাম?
উত্তৰঃ 'নচিকেতা’ ভৱানন্দ দত্তৰ ছদ্মনাম ৷
চমু প্ৰশ্ন(মূল্যাংক-২/৩)
১। 'ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
উত্তৰঃ 'ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে ৷ য’ত সমাজৰ নিঃস্ব, শোষিত, অৱহেলিত, লাঞ্ছিতসকলৰ দুখ-ৰ্দুদশাৰ ছবি অংকন কৰা হৈছে ৷
২। বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উত্তৰঃ ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ বিভিন্ন ব্যক্তিয়ে ৰাতিৰ অন্ধকাৰত গোপন অভিসাৰ চলায় ৷
৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাৰ শাৰীবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান শুনা যায় ৷ বন্ধ কোঠাৰ ভিতৰত কলেজীয়া ছোৱালীবোৰৰ বিৰহ-কাতৰ শুনিবলৈ পোৱা যায় ৷
৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উত্তৰঃ ৰাজপথৰ কাষৰ ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰী শাৰীবোৰ দেখা পোৱা যায় ৷
৫। ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
উত্তৰঃ ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিকতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে য’ত ধনীবোৰ ৰং ৰহইছত উত্ৰাৱল আৰু দুখীয়াবোৰ শোষিত, অৱহেলিত, লাঞ্ছিত, গৃহহীন অৱস্থাত চিঞৰি থাকে ৷
দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)
১। 'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে - বুজাই লিখা ৷
উত্তৰঃ 'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্ৰকাশিত হৈছে ৷ ৰাজপথৰ উদাৰ বুকুৰ ওপৰেদি জীৱনক গতি দিয়া ট্ৰাম, বাছ, টেক্সি, ৰিক্সাবোৰ চলি থকাৰ লগতে প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত উদভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰো চলে ৷ জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা ভদ্ৰ মহিলাই সমাজৰ চকুত ধূলি দি কোনোবা ডাঙৰ অট্টালিকাত নিজৰ দেহ বিক্ৰী কৰে ৷
২। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷
উত্তৰঃ সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত প্ৰকাশিত হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰী ৷
৩। 'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে?
উত্তৰঃ 'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে ৷ কিয়নো এই শ্ৰেণীটোৱে গোটেই জীৱন ফুটপাথতে ভিক্ষা মাগি কটাবলগীয়া হয় আৰু ভিক্ষা নাপালে অনাহাৰে সেই ফুটপাথৰ বুকুতে আজীৱন শুই পৰে ৷
৪। 'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷
উত্তৰঃ 'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্ৰয়স্হলী ফুটপাথ তাকেই বুজাব বিচৰা হৈছে ৷
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:
ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ
চৰণাঘাত লভিছা ক’ত !
উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷
'ৰাজপথ’ কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো দেখুৱাবলৈ যত্ন কৰা হৈছে য’ত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জীৱিকাৰ সন্ধানত অহা ভদ্ৰ নাৰী কোনোৱা ধনী ব্যক্তিক নিজৰ শৰীৰ বিক্ৰী কৰি এসাঁজ আহাৰৰ যোগাৰ কৰিব লগা হয় ৷
খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অৰ্গেনত ৰবীন্দ্ৰ-সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা ৷
উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷
ৰাজপথৰ দুয়োপাৰে বৃহৎ অট্টালিকাবোৰৰ কথা অৱতাৰণা কৰি কবিয়ে কৈছে যে ৰাতিৰ অন্ধকাৰত এয়াৰ পাঁচ তলাত গানৰ প্ৰতিধ্বনি শুনা যায় ৷ লগতে শুনা যায় কলেজীয়া ছোৱালীবোৰৰ বিৰহত উচুপি উঠা চিঞৰবোৰ। যিবোৰে ধনী চাহাবৰ দামী বিছনাৰ কোমল তলিচাবোৰত সৰ্বশৰীৰ উদঙাই দিয়ে ৷
গ) আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা
মৃতপ্ৰায় কংকালৰ শাৰী ৷
উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে৷
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷
কবিতাটোত শ্ৰেণী বৈষম্যৰ কথা কোৱা হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱনৰ কথা কোৱা হৈছে আৰু আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰীবোৰৰ কথা কোৱা হৈছে ৷ কবিয়ে ভগৱানক ধন্যবাদ জনাইছে কাৰণ ধনী দুখীয়া ভগৱানেইটো সৃষ্টি কৰিছে ৷ ৰাজপথৰ সেই অট্টালিকাৰ তলত থা ফুটপাথবোৰেই হৈছে গৃহহীন, বঞ্চিতসকলৰ আশ্ৰয়স্থল।
No comments:
Post a Comment