এখন চিঠি

 

Class 11 Assamese Question Answer

অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?

উত্তৰঃ এখন চিঠি' কবিতাটো হেম বৰুৱাৰ 'মন-ময়ূৰী’ কবিতাপুথিৰ পৰা লোৱা হৈছে ৷


২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা ৷

উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম-পছোৱা ৷


৩। চেলা গিৰিপথ ক’ত আছে?

উত্তৰঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীন সীমান্তত আছে।


৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?

উত্তৰঃ যি মৃত্যুৱে আন দহজনক জীৱন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে ৷


৫। 'এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?

উত্তৰঃ 'এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম- মমতা ৷


 চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। 'এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

উত্তৰঃ 'এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁ দুচকু চকুলোৰে উপচি পৰিছিল ৷


২। 'এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?

উত্তৰঃ 'এখন চিঠি’ কবিতাটোত এজন সৈনিকে এখন চিঠিৰ মাধ্যমেৰে পত্নীলৈ লিখিছে পত্নীৰপৰা লৈ অহা বিদায় মুহূৰ্তত মৰ্মান্তুদ কাহিনী ৷ হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি তেওঁৰ সকলো কল্পনাই ছাঁই হৈ গৈছে ৷ সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালি, য’ত সৈনিকৰ তেজৰ চেঁকুৰা জিলিকি থাকে৷তাত প্ৰতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুই শিখা ৷ ই এখন মহাকাব্যৰ দৰে ৷ ইয়াতে মৌন ভাষাৰে লিখা থাকে শ শ সৈনিকৰ তেজৰ বুৰঞ্জী৷ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা ৷


৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে ৷ সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৰণ নাই, দেশৰ হকে প্ৰাণ ত্যাগ কৰা বীৰ সকলো মৃত্যুৰ পিছত অমৰত্ব লাভ কৰে ৷


৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

উত্তৰঃ সৈনিকজনে চিঠিত পত্নীক অনুৰোধ কৰিছে যে, শত্ৰুৰ কামানৰ আঘাতত যদি তেওঁৰ কেনেবাকৈ মৃত্যু হয় ঘৈণীয়েকে যাতে তেওঁলোকৰ ল’ৰা দুটাৰ সম্পূৰ্ণ দায়িত্ব লয় ৷ সিহঁতে যাতে কেতিয়াও পিতৃৰ অভাৱবোধ কৰি মনোকষ্ট ভুগিব লগা নহয় তাৰ প্ৰতি মমতাক অতি সতৰ্ক হ’বলৈ কৈছে ৷


৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?

উত্তৰঃ সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ - শত্ৰু সৈন্যক বাধা দিবলৈ চেলা গিৰিপথলৈ যোৱাৰ হঠাৎ জৰুৰী আদেশ অহাৰ বাবে ৷


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১। 'এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

উত্তৰঃ 'এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। সাংসাৰিক স্নেহৰ মধুৰ প্ৰকাশ কবিতাত ব্যঞ্জিত হৈছে৷পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা সৈনিকজনে চিঠিখনৰ জৰিয়তে সোঁৱৰণ কৰিছে ৷ ওখ পৰ্বতমালাৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাঁই হৈ গৈছে ৷ আদেশ পালেই যিকোনো মুহূৰ্ততে যুদ্ধলৈ যাবলৈ তেওঁ সাজু এই কথা চিঠিখনত ব্যক্ত কৰিছে ৷


২। সৈনিকৰ দেশ প্ৰেম 'এখন চিঠি’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ৷

উত্তৰঃ 'এখন চিঠি’ কবিতাটোত সৈনিক জীৱনৰ যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত জীৱনৰ মহত্ত্বও প্ৰতিভাত হৈছে ৷ সৈনিকৰ মৃত্যু স্বৰ্গীয় পাৰিজাত ফুল সদৃশ ৷ য’ত দেৱতাৰ আশীৰ্বাদ থাকে৷ভৱিষ্যত পুৰুষক সেই আদৰ্শৰদ্বাৰা উদ্বুদ্ধ কৰিবলৈও কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে ৷


৩। 'এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে লিখা ৷

উত্তৰঃ 'এখন চিঠি’ কবিতাত এনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ অৱতাৰণা কৰিছে য’ত যিকোনো সময়তে যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু হ’ব লাগিব ৷ শত্ৰু সৈন্যই কোন সময়ত আক্ৰমণ কৰে তাৰ কোনো ঠিক নাই ৷প্ৰতি মুহূৰ্ততে যেন মৃত্যুৱে আগচি ধৰিব এনেকুৱা এটা পৰিস্থিতি ৷ আৰু এই পৰিস্থিতিৰ লগত যুঁজিবলৈ আৰু দেশৰ বাবে প্ৰাণ দিবলৈ সৈনিক সদায় সাজু ৷


৪। 'তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা৷

উত্তৰঃ কবি হেম বৰুৱাৰ 'এখন চিঠি’ কবিতাটো এটা অতি মৰ্মস্পৰ্শী কবিতা ৷ ষাঠিৰ দশকত ৰচিত এই কবিতাটো সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ প্ৰাণপ্ৰিয়া মমতালৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে ৷ সৈনিক জীৱনত কামৰ কোনো নিৰ্দ্দিষ্ট সময় নাথাকে ৷ মৰমৰ আত্মীয় ইষ্ট কুটুম্বলৈও মৰম যাঁচি, খা-খবৰ দিব বা বিচাৰি চিঠি এখন লিখিবলৈ বা লিখি ডাকত দিবলৈও সময় নোপোৱা আদি কৰ্মব্যস্ত সৈনিক জীৱনৰ কথা চিঠিখনৰ মাজেদি প্ৰকাশ পাইছে ৷ সৈনিকগৰাকী পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁৰ দুচকু চকুলোৰে উপচি পৰিছিল ৷ সেই সময়ত পত্নীৰ অৱস্থা দেখি সৈনিকগৰাকীও মৌন আৰু নিথৰ হৈ পৰিছিল ৷


৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা-

ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই

লেখি যোৱা তেজৰ বুৰঞ্জী ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত 'এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

    সৈনিকৰ জীৱন আৰু যুদ্ধক্ষেত্ৰ যে এখন মহাকাব্য সদৃশ তাকেই কবিতাফাঁকিৰ জৰিয়তে বুজাবলৈ যত্ন কৰা হৈছে ৷

    এজন সৈনিকৰ জীৱন সহজ নহয় ৷ তেওঁৰ অন্তৰত লুকাই থাকে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা হাজাৰ  মৰ্মস্পৰ্শী বেদনা ৷ মহাকাব্যত যিদৰে শত শত জনৰ তেজৰে লিখা বুৰঞ্জী থাকে, এই সৈনিকসকলৰ জীৱনো তেনেকুৱা ৷ প্ৰতি মূহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লগা হয় কোন সময়ত শত্ৰুৰ হাতত নিজকে আত্মসমৰ্পণ কৰিব লগা হয় তাৰ ঠিকনা নাই ৷


খ) মৃত্যুৱে যদি অভিনন্দন জনায়

সেই মৃত্যু পাৰিজাত ফুল

তাত দেৱতাৰ আশীৰ্বাদ আছে ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত 'এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবি বৰুৱাই মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে উক্ত কবিতাফাঁকিৰ জৰিয়তে ৷

এজন সৈনিক হোৱা সচাঁকৈয়ে বহুত টান ৷ তেওঁলোকৰ জীৱন দেশমাতৃৰ বাবে উৎসৰ্গিত ৷ যিকোনো মুহূৰ্তত শত্ৰুপক্ষৰ লগত হোৱা আক্ৰমণত প্ৰাণ যাব পাৰে ৷ তাৰ বাবে সৈনিকসকল সদায়ে সাজু ৷ তেওঁলোকৰ বাবে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৃত্যু নাই সৈনিকৰ মৃত্যুও তেনেকুৱা, অৰ্থাৎ মৰিও অমৰ ৷ কবিয়ে তেনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুল আখ্যা দি সৈনিকৰ জীৱনৰ মহত্ত্ব প্ৰকাশ কৰিছে 'এখন চিঠি' কবিতাটোৰ জৰিয়তে ৷ 

ৰাজপথ

Class 11 Assamese Question Answer

 অতি চমু প্ৰশ্ন(মূল্যাংক-১) 

১। 'অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?

উত্তৰঃ 'অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা ৷


২। 'ব্লেক আউট’ মানে কি?

উত্তৰঃ 'ব্লেক আউট’ মানে নিষ্প্ৰদীপ ৷


৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?

উত্তৰঃ ৰাজপথত নিশাৰ অন্ধকাৰত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে ৷


৪। 'ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰঃ 'ৰাজপথ’ কবিতাটি প্ৰথমে জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল ৷


৫। 'নচিকেতা’ কাৰ ছদ্মনাম?

উত্তৰঃ 'নচিকেতা’ ভৱানন্দ দত্তৰ ছদ্মনাম ৷


চমু প্ৰশ্ন(মূল্যাংক-২/৩)

১। 'ৰাজপথ’ নামৰ কবিতাটিত  কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?

উত্তৰঃ 'ৰাজপথ’ নামৰ কবিতাটিত  কবিয়ে আধুনিক যুগৰ সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে ৷ য’ত সমাজৰ নিঃস্ব, শোষিত, অৱহেলিত, লাঞ্ছিতসকলৰ দুখ-ৰ্দুদশাৰ ছবি অংকন কৰা হৈছে ৷


২। বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?

উত্তৰঃ ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ বিভিন্ন ব্যক্তিয়ে ৰাতিৰ অন্ধকাৰত গোপন অভিসাৰ চলায় ৷


৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰঃ ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাৰ শাৰীবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান শুনা যায় ৷ বন্ধ কোঠাৰ ভিতৰত কলেজীয়া ছোৱালীবোৰৰ বিৰহ-কাতৰ শুনিবলৈ পোৱা যায় ৷


৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?

উত্তৰঃ ৰাজপথৰ কাষৰ ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰী শাৰীবোৰ দেখা পোৱা যায় ৷


৫। ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?

উত্তৰঃ ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিকতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে য’ত ধনীবোৰ ৰং ৰহইছত উত্ৰাৱল আৰু দুখীয়াবোৰ শোষিত, অৱহেলিত, লাঞ্ছিত, গৃহহীন অৱস্থাত চিঞৰি থাকে ৷


 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)

১। 'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে - বুজাই লিখা ৷

উত্তৰঃ 'ৰাজপথ' কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্ৰকাশিত হৈছে ৷ ৰাজপথৰ উদাৰ বুকুৰ ওপৰেদি জীৱনক গতি দিয়া ট্ৰাম, বাছ, টেক্সি, ৰিক্সাবোৰ চলি থকাৰ লগতে প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত উদভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰো চলে ৷ জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা ভদ্ৰ মহিলাই সমাজৰ চকুত ধূলি দি কোনোবা ডাঙৰ অট্টালিকাত নিজৰ দেহ বিক্ৰী কৰে ৷


২। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা ৷

উত্তৰঃ সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন 'ৰাজপথ’ কবিতাটিত প্ৰকাশিত হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰী ৷


৩। 'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে? 

উত্তৰঃ 'ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয়স্হলী হিচাপে প্ৰকাশ কৰা হৈছে ৷ কিয়নো এই শ্ৰেণীটোৱে গোটেই জীৱন ফুটপাথতে ভিক্ষা মাগি কটাবলগীয়া হয় আৰু ভিক্ষা নাপালে অনাহাৰে সেই ফুটপাথৰ বুকুতে আজীৱন শুই পৰে ৷


৪। 'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা ৷

উত্তৰঃ 'ৰাজপথ’ কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্ৰয়স্হলী ফুটপাথ তাকেই বুজাব বিচৰা হৈছে ৷


৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:

ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ

সমাজৰ চকুত ধূলি দিয়া

জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ

চৰণাঘাত লভিছা ক’ত !

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷

কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷

'ৰাজপথ’ কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো দেখুৱাবলৈ যত্ন কৰা হৈছে য’ত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জীৱিকাৰ সন্ধানত অহা ভদ্ৰ নাৰী কোনোৱা ধনী ব্যক্তিক নিজৰ শৰীৰ বিক্ৰী কৰি এসাঁজ আহাৰৰ যোগাৰ কৰিব লগা হয় ৷


খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,

অৰ্গেনত ৰবীন্দ্ৰ-সংগীত,

ডবল তলিচা পৰা মেহগনি পালেঙত

বিৰহ-কাতৰা কলেজ গাৰ্লৰ

অলসায়িত দেহা ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷

কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷

ৰাজপথৰ দুয়োপাৰে বৃহৎ অট্টালিকাবোৰৰ কথা অৱতাৰণা কৰি কবিয়ে কৈছে যে ৰাতিৰ অন্ধকাৰত এয়াৰ পাঁচ তলাত গানৰ প্ৰতিধ্বনি শুনা যায় ৷ লগতে শুনা যায় কলেজীয়া ছোৱালীবোৰৰ বিৰহত উচুপি উঠা চিঞৰবোৰ। যিবোৰে ধনী চাহাবৰ দামী বিছনাৰ কোমল তলিচাবোৰত সৰ্বশৰীৰ উদঙাই দিয়ে ৷


গ) আৰু তাৰ তলতেই ফুটপাথত

(ধন্য তোমাৰ দয়া!)

শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা

মৃতপ্ৰায় কংকালৰ শাৰী ৷

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে৷

কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷

কবিতাটোত শ্ৰেণী বৈষম্যৰ কথা কোৱা হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱনৰ কথা কোৱা হৈছে আৰু আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰীবোৰৰ কথা কোৱা হৈছে ৷ কবিয়ে ভগৱানক ধন্যবাদ জনাইছে কাৰণ ধনী দুখীয়া ভগৱানেইটো সৃষ্টি কৰিছে ৷ ৰাজপথৰ সেই অট্টালিকাৰ তলত থা ফুটপাথবোৰেই হৈছে গৃহহীন, বঞ্চিতসকলৰ আশ্ৰয়স্থল।


লাচিত ফুকন

 অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত দোমোজাৰ কবি হিচাপে জনাজাত ৷


২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম- সাগৰ দেখিছা ৷


৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ "আমি দুৱাৰ মুকলি কৰোঁ" কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায় ৷


৪। "দেশৰ বাতৰি শুনিবানে বীৰ" - ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ "দেশৰ বাতৰি শুনিবানে বীৰ" - ইয়াত বীৰ বুলি লাচিত ফুকনৰ কথা কোৱা হৈছে ৷


৫। "নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে কি?

উত্তৰঃ "নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান ।


 চমু প্ৰশ্ন (মূল্যাংক-২/৩) 

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায় ৷ ৰবাৰ্ট ব্ৰাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তি শৈলী বুলি কোৱা হয় ৷


২। ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ ইব্ৰাহিম বাইবেল আৰু কোৰানত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী  আছিল ৷ ঈশ্বৰে সপোনত দিয়া নিৰ্দেশ মতে তেওঁ নিজ পুত্ৰ ইছমাইলক বলিদান দিছিল ৷


৩। 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?

উত্তৰঃ 'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে অসমত বাস কৰা নিৰ্বলী জনসাধাৰণক বুজাইছে ৷


৪। 'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?

উত্তৰঃ 'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কোৱা হৈছে ৷ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠাবোধ কৰা নাছিল ৷


৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি 'মুক্তি পলাল’ বুলি কবিয়ে কৈছে?

উত্তৰঃ দেশ জননীৰ পূজাৰ অদ্ভুত আয়োজন দেখি 'মুক্তি পলাল’ বুলি কবিয়ে কৈছে ৷


 দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫) 

১। 'লাচিত ফুকন' কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?

উত্তৰঃ 'লাচিত ফুকন' কবিতাটিত সমসাময়িক সমাজৰ বৰমূৰীয়া সকলৰ ভুৱা স্বদেশপ্ৰেমৰ নমুনাই দেশৰ সোলোক-ঢোলোক পৰিস্থিতি কৰি তোলাৰ বাবে কবিক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছে ৷ তেওঁ লাচিত বৰফুকন আৰু বৰ্তমানৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ কৰণৰ তুলনা কৰি নিজকে নিজে দেশৰ ভৱিষ্যতৰ কথা ভাবি উৎকণ্ঠীত হৈ পৰা দেখা গৈছে ৷ অসমৰ সুযোগ্য বীৰ লাচিতে দেশৰ বাবে মোগল সেনাই কৰা আক্ৰমণক বাধা দিবৰ বাবে এৰাতিৰ ভিতৰতে গড় বান্ধি পেলাইছিল আৰু কামত গাফিলতি কৰাৰ বাবে নিজ মোমায়েকক কাটি দুটুকুৰা কৰিছিল ৷ এই বীৰ লাচিতৰ দেশৰে বৰ্তমান বংশধৰ সকলৰ স্বদেশপ্ৰেম হ’ল নকল নবীছ অৰ্থাৎ যাৰ অন্তৰত অকণমানো স্বদেশপ্ৰেম নাই ৷ আগৰ সেই বীৰ অসমীয়াৰ অকনো চিন চাব নাই, তাৰ ঠাইত ভৰি পৰিছে গাধৰ পাল বুলি কবিয়ে আক্ষেপ কৰিছে ৷ তেওঁৰ মতে পবিত্ৰ অসমভূমিত প্ৰভুক্ত গাধৰ পালে প্ৰভুৰ আজ্ঞা অনুসৰি বোজা কঢ়িয়াওঁতে কঢ়িয়াওঁতে  পিঠিৰ ছাল ছিগি গৈছে ৷ ভুৱা স্বদেশ প্ৰেমৰ কোবাল সোঁতত দেশৰ তলবল অৱস্থা ৷ অন্ধ অনুকৰণকাৰী সকলে নিজৰ মাজত ব্যংগ যুদ্ধৰ ৰচনাৰ দ্বাৰা মিছা প্ৰৱঞ্চনাৰে দেশ ভৰাই পেলাইছে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ সলনি পিয়ানো বজাই, চাকিৰ সলনি বেদীত মমবাতি জ্বলাই আৰতি কৰে ৷ কবিয়ে এনেবোৰ কথাৰ জৰিয়তে আধুনিকতাৰ নামত এচামে দেশখনলৈ অনা অন্ধ অনুকৰণৰ কথাকে সোঁৱৰাই যিবোৰৰ বাবে আত্মপৰিচয় গ্ৰাস কৰিবৰ উপক্ৰম হৈছে ৷ তেওঁৰ মতে স্বদেশৰ নামত এওঁলোকে নানা  বিপ্লৱ কৰে কিন্তু দেশৰ প্ৰকৃতাৱস্থাৰ কোনো আওভাও নাপায় ৷ বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ খবৰ ৰখাৰ বিপৰীতে দেশপ্ৰেমিকে কানিৰ মূল্য কিমান তাৰ হিচাপতে ব্যস্ত থাকিব খোজে ৷ কবিৰ মতে বৰ্তমান নেতাসকল ভণ্ডামিৰে ভৰা৷তেওঁলোকে দেশৰ গভীৰ সমস্যাসমূহলৈ কৰ্ণপাত নকৰি সাধাৰণ কথা কিছুমানতে লাগি দেশ প্ৰগতিৰ স্বাভাৱিক পথ ৰুদ্ধ কৰি থয় ৷ এইসকল দেশ নিতাই লোকেল ব’ৰ্ডৰ সদস্য পদ বা মন্ত্ৰীত্বকে জীৱনৰ সৰ্বস্ব জ্ঞান কৰে, এই আশাতেহে দেশপ্ৰেমিকৰ ভাও জোৰে ৷ কবিৰ মতে এই অজ্ঞানী, অকমৰ্ণ্য লোকৰ কবলত পৰি দেশৰ অৱস্থা সোলোক-ঢোলোক হৈছে আৰু এইবোৰৰ গচকনিত অসম জননীৰ হাত ভৰি কোঙা হৈছে ৷


 ২। 'লাচিত ফুকন' কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?

উত্তৰঃ 'লাচিত ফুকন' নামৰ কবিতাটিত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিতৰ স্বদেশ প্ৰেমৰ কথা সোঁৱৰিছে আৰু বৰ্তমানৰ লগত ৰিজাই চাবলৈ যত্ন কৰিছে৷লগতে দেশৰ অৱস্থাৰ বাবে আক্ষেপ কৰিছে ৷ তেওঁ প্ৰথমেই উল্লেখ কৰিছে যে বৰ্তমানৰ স্বদেশপ্ৰেমী সকল হ’ল নকল নবীছ ৷ স্বদেশপ্ৰেমী দেখুৱাবৰ বাবে প্ৰয়োজন নহ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ যুদ্ধৰ অৱতাৰণা কৰে ৷ দেশৰ মুক্তিৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই বেদীত ৰাখি তেওঁলোকে পৰিবৰ্তন আনিব খোজে ৷ এওঁলোকৰ স্বদেশপ্ৰেমৰ কোবাল সোঁতত দেশ টলমল কৰিব ধৰিছে ৷ কিন্তু দেশৰ মানুহে যে খাবলৈ নাপাই মৰিছে তাৰ কোনো খবৰ ৰাখোতা নাই ৷ বাহিৰৰ সমাজখনত ঘটা বিপ্লৱৰ খবৰ ৰখাৰ ঠাইত এইসকলে কানিৰ মূল্য নিৰূপণত ব্যস্ত থাকে ৷ সমস্ত শাস্ত্ৰ তলি উদং কৰিও তেওঁলোকে মৰ আঁউসীত হাল বালে কেনেধৰণৰ পৰাচিত লাগে তাকো ঠিৰাং কৰিব নোৱাৰিলে ৷ মৃতকৰ কাম ত্ৰিশ দিনত নে এঘাৰ দিনত কৰিব তাকো ঠাৱৰাব নোৱাৰিলে ৷ অৰ্থাৎ এইসকল দেশহিতৈষীয়ে কেতবোৰ অৰ্থহীন কথাত লাগি সময় নষ্ট কৰে, সমাজখনৰ ক্ৰমে কুপমুণ্ডকতালৈ লৈ যায় কিন্তু বাহিৰৰ পৃথিৱীখনক পৰিবৰ্তনৰ লগত খাপ খুৱাই দেশখনক আগুৱাই নিয়াৰ প্ৰতি তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই ৷ এইচাম দেশপ্ৰেমিক হ’ল ভণ্ডামিৰে ভৰা ৷এওঁলোকে বক্তৃতাৰে ৰণ জিনিব পাৰে৷বাঁহৰ কামীত ৰং সানি লৈ ৰণ কৰিব পাৰে ৷ কিন্তু এওঁলোকৰ পূজাৰ মন্দিৰ হ’ল লোকেল ব’ৰ্ড৷অৰ্থাৎ মন্ত্ৰীত্ব এওঁলোকৰ লক্ষ্য আৰু ইয়াৰ জৰিয়তেহে দেশ সেৱা কৰিব বিচাৰে ৷ গতিকে তেওঁলোকে লাচিতৰ দৰে স্বদেশপ্ৰেম বুজি নাপায় ৷ এওঁলোকৰ স্বদেশপ্ৰেমক কবিয়ে ভুৱা বুলি কৈছে ৷


৩। 'লাচিত ফুকন’ কবিতাটোত কবিয়ে 'দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ কবিয়ে কবিতাটোত লাচিত বৰফুকনৰ দ্বাৰা বৰ্তমান সমাজৰ অধ:পতনৰ ফালে গতি কৰা ৰূপটোৰ কথা অতি দুখেৰে ব্যক্ত কৰিবলৈ বিচাৰিছে আৰু লগে লগে অসমৰ বীৰ সন্তানসকলৰ অন্তৰত বীৰত্বভাৱ ঘূৰাই আনিবলৈ প্ৰাৰ্থনা কৰিছে ৷ কবিয়ে অতি আক্ষেপেৰে কৈছে যে এনেকুৱা বীৰ লাচিতৰ দেশতে আজি কাপুৰুষ দল ভৰি পৰিছে যাক তেওঁ গাধৰ পাল আখ্যা দিছে ৷ গাধৰ দৰে প্ৰভুৰ আজ্ঞামতে কেৱল বোজা কঢ়িয়াই, যাৰ নিজস্বতা বুলিবলৈ একোৱেই নাই৷সকলো দিশে মাত্ৰ অন্ধ অনুকৰণ ৷ আধুনিকতাৰ নামত মন্দিৰত শংখঘণ্টাৰ ঠাই পিয়ানো আৰু চাকিৰ ঠাই মমবাতিয়ে লৈছে ৷ কবিৰ মতে আজিৰ দেশৰ নেতাসকল ভণ্ডামিৰ জালিয়তিৰে ভৰা ৷ ভণ্ডামিলোকে দেশখনৰ প্ৰকৃত সমস্যাৰ ফালে পিঠি দি নিজৰ সুবিধা অনুযায়ী সাধাৰণ কথা কিছুমানত লাগি দেশৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলায় ৷ লোকেল ব’ৰ্ডৰ সদস্যপদ,মন্ত্ৰীত্ব আদিয়েই এওঁলোকৰ লক্ষ্য ৷ এইবোৰৰ বাবেই তেওঁলোকে দেশপ্ৰেমিকৰ অভিনয় কৰে ৷ এই স্বাৰ্থপৰ দেশপ্ৰেমিকৰ হাতৰ পৰা কেনেকৈ ক্ষমতাসমূহ আঁতৰাই প্ৰকৃত দেশপ্ৰেমিকৰ হাতত কাৰ্যভাৰ দিব পাৰি তাকেই আশা কৰিছে কবিয়ে ৷ কবিৰ মতে এই ভণ্ডসকলৰ বাদেও এনে বহুত যুৱক আছে যাৰ হৃদয় দেশমাতৃৰ ৰ্দুদশাত ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিঃস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে ৰৈ থাকে ৷ সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যেন তেওঁ আকৌ তেওঁৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে এই যুৱকসকলক অনুপ্ৰাণিত কৰি তোলে ৷


৪। 'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷

উত্তৰঃ 'লাচিত ফুকন' নামৰ কবিতাটোত কবিয়ে লাচিতৰ স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে ৷ লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ৷ আহোম সেনাপতি লাচিতৰ সাহস আৰু স্বদেশপ্ৰেমৰ কাহিনী সকলোৱে জানে কিয়নো দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিছিল ৷ কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দেহৰ কাৰণে মৃত্যুৰ আৱাহন শুনি, জাতিৰ বুকুত দুমদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে ৷ মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায় ৷ কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খনজৰ বহুৱা ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে ৷


৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷

ক) "বক্তৃতা দি আকাশ কঁপাই,চিঞৰত টেটু ফালি,

বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি ৷"

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাৰ ৰচিত 'লাচিত ফুকন’ কবিতাটোৰ পৰা লোৱা হৈছে ৷

    কবিতাফাঁকিত কবিয়ে বৰ্তমান সময়ৰ দেশপ্ৰেমিকসকলৰ কথা কৰ্মক ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে ৷

    কবিয়ে আক্ষেপেৰে কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্ৰেমিকৰ দেশতে জন্ম লৈছে এচাম ভণ্ড দেশপ্ৰেমিকে ৷ তেওঁলোকৰ আহৰি নাই বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ উমান ৰখাৰ ৷ তেওঁলোকে কেৱল কানিৰ মূল্য নিৰূপণৰ দৰে কিছু তুচ্ছ কামত ব্যস্ত ৷ বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে ৷ এইচাম দেশ প্ৰেমিকে মাথো জানে আকাশ পাতাল কঁপোৱা বক্তৃতা দিবলৈ আৰু বাঁহৰ কামীত চূণ সানি সৰু ল’ৰা ছোৱালীয়ে কৰা ওমলা যুদ্ধৰ অভিনয় কৰিবলৈ ৷ লাচিতৰ দৰে সচাঁ তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশপ্ৰেমিকৰ কলিজাত সাহস নাই ৷


এখন চিঠি

  Class 11 Assamese Question Answer অতি চমু প্ৰশ্ন (মূল্যাংক-১)  ১। 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰঃ ...