Barpeta.org (class 11 assamese question answer)

 ১) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণলোকৰ দুই ধৰ্ম ৷


২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হৈছে -আয় অনুসৰি ব্যয় কৰা ৷


৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন ৷


৪) মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল’ব লগা হয় ৷


৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।


 চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।


২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

উত্তৰঃ আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকৰ মতে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন।


৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়।


৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

উত্তৰঃ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে।


৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল-

ক) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে।

খ) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল।


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

উত্তৰঃ অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে৷এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল।


২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷ খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।


৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায়। কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰিব লগীয়া হয়। ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মৰ্যাদা হেৰুৱায়, মনৰ সুখ-শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে। ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়। সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল’ব নালাগে।


 8।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷

উত্তৰ: লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ। প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা-ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে। দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ’লে এখোজো নোলায়। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।

 

৫। "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"। - ব্যাখ্যা কৰা 

উত্তৰ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে।


 লেখক পৰিচয় 

১)সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল।


২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম 'গীতাৱলী' আৰু এইখন ১৮৮৮ চনত প্ৰকাশ পাইছিল।


৩) 'বহল ব্যাকৰণ' কাৰ ৰচনা ?

উত্তৰঃ 'বহল ব্যাকৰণ' সত্যনাথ বৰাৰ ৰচনা।


৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম 'আকাশ ৰহস্য'।


৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷

উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম - 'কেন্দ্ৰসভা', 'সাহিত্য বিচাৰ', 'সাৰথি', 'চিন্তাকলি'।


৬) সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?

উত্তৰঃ সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ ১৯০১ চনৰ সম্পাদক আছিল।


৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?

উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে।


ব্যাখ্যা কৰা - 

"ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"                                          -মূল্যাংক ৫

উত্তৰঃ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে।

         

Additional and Previous Year Questions (PYQ)  All Answers

 

Q.গীতাবলী' নামৰ গীতৰ পুথিখনৰ ৰচক কোন?  [ H.S ,2018]

উত্তৰঃ 'গীতাবলী' নামৰ গীতৰ পুথিখনৰ ৰচক হৈছে সত্যনাথ বৰা।

Q. অষ্টম দৰিদ্ৰ মানে কি?

উত্তৰঃ অষ্টম দৰিদ্ৰ মানে হৈছে অতি দৰিদ্ৰ বা একেবাৰে দৰিদ্ৰ মানুহ।

Q. অষ্টম দৰিদ্ৰ মানে কি?

উত্তৰ: অষ্টম দৰিদ্ৰ মানে হৈছে অতি দৰিদ্ৰ বা একেবাৰে দৰিদ্ৰ মানুহ।

Q.কৃপণ লোকৰ দুই ধর্ম কি কি?

উত্তৰ: কৃপণ লোকৰ দুই ধর্ম হৈছে ধন সঞ্চয় কৰা আৰু অন্যৰ পৰা সাহায্য নলোৱা।

Q পুৰণি অসমীয়া গদ্য-সাহিত্যৰ ইতিহাস কেনেকুৱা?

উত্তৰ: পুৰণি অসমীয়া গদ্য-সাহিত্যৰ এটি গৌৰৱোজ্জ্বল ইতিহাস আছে।

Q.আধুনিক অসমীয়া গদ্য-সাহিত্য কিদৰে পৰিপুষ্টি লাভ কৰিছে?

উত্তৰ: আধুনিক অসমীয়া গদ্য-সাহিত্য জোনাকী যুগৰ পৰা বিভিন্ন গৰাকী লেখকৰ হাতত

পৰিপুষ্টি  লাভ কৰি বৰ্তমানৰ ৰূপ লাভ কৰিছে।
Q. সত্যনাথ বৰাৰ জন্মস্থান ক'ত?

উত্তৰ: সত্যনাথ বৰাৰ জন্মস্থান গুৱাহাটীৰ ভৰলুমুখ।

Q.সত্যনাথ বৰাই কেতিয়া বি. এল. পৰীক্ষাত উত্তীর্ণ হৈছিল?

উত্তৰ: সত্যনাথ বৰাই ১৮৮৯ চনত বি. এল. পৰীক্ষাত উত্তীর্ণ হৈছিল।

Q.সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থ কোনটো?

উত্তৰ: সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থ 'গীতাৱলী'।

Q. 'আকাশ ৰহস্য' কি বিষয়ক গ্ৰন্থ?

 উত্তৰ: 'আকাশ ৰহস্য' হৈছে অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্রন্থ।

 Q. সত্যনাথ বৰা কিহৰ বাবে 'বেকন' হিচাপে পৰিচিত?

উত্তৰ: সত্যনাথ বৰা গদ্য লেখক হিচাপে খ্যাতি অৰ্জন কৰিছে আৰু অসমীয়া সাহিত্যত

'বেকন 'হিচাপে পৰিচিত।
Q.সত্যনাথ বৰাই ক'ত কিছুদিন অধ্যাপনা কৰিছিল?

উত্তৰ: সত্যনাথ বৰাই গুৱাহাটীৰ আৰ্ল-ল কলেজ আৰু কটন কলেজত কিছুদিন                    অধ্যাপনা   কৰিছিল।

Q.  কি দুটা কাৰণত মানুহে কৃপণালী কৰে?

উত্তৰ:   মানুহে কৃপণালী কৰা কাৰণ কেইটা হ'ল ------         

                        1) কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে    

                          কৃপণালি কৰে আৰু 

                        2) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ'বৰ মনেৰে

                          কৃপণালি কৰে। 

                         3) ধন সঞ্চয়ৰ চিন্তা।  

Q. ধোঁৱাখুলীয়া আৰু কৃপণৰ মাজত পাৰ্থক্য কি? [ 3 marks, 2023]

উত্তৰ:  ধোঁৱাখুলীয়া আৰু কৃপণৰ মাজত পাৰ্থক্য  হল ---------

              1) ধোঁৱাখুলীয়া লোক সাধাৰণতে আনন্দময় আৰু সহজে খৰচ কৰিবলৈ ইচ্ছুক,

                আনহাতে কৃপণ লোকৰ ক্ষেত্ৰত ধনৰ বাবে অতিৰিক্ত চিন্তা আৰু সতর্কতা থাকে। 

 

               2) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ 

                    নিবিচাৰি  সৰহকৈ খৰচ কৰে।

              3) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল।


 Q.'কেন্দ্ৰসভা' নামৰ পুথিখনৰ ৰচক কোন?

 উত্তৰ: 'কেন্দ্ৰসভা' নামৰ পুথিখনৰ ৰচক হৈছে সত্যনাথ বৰা।

Q. প্রথম অসমীয়া আইনজীবী কোন?

উত্তৰ: প্ৰথম অসমীয়া আইনজীবী আছিল গগনবিহাৰী বৰা।

Q. সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি?

 উত্তৰ: সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম হৈছে 'ৰূপসী অসম'।
Q. সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন কি?

উত্তৰ:সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন হৈছে 'অসমীয়া সাহিত্য'।

Q.'আকাশ ৰহস্য' কেনে বিষয়ক গ্ৰন্থ?

উত্তৰ:'আকাশ ৰহস্য' হল জ্যোতিষশাস্ত্ৰ আৰু আকাশৰ গুণাগুণৰ বিষয়ে লিখা গ্ৰন্থ।

                           

Jobs in Guwahati

 Guwahati, the gateway to Northeast India, is not just a cultural hub but also a growing center for job opportunities. Whether you’re a fresher or an experienced professional, the city offers a wide range of employment options to suit your skills and aspirations. If you’re searching for “jobs in Guwahati,” Then you have come to the right place. Here you will find various types of jobs vacancies.

Private Job Vacancy in Guwahati

Private companies in Guwahati are always on the lookout for skilled individuals. Industries like retail, healthcare, education, IT, and hospitality are booming in the city. Here are some popular roles you can explore. Check out these types of job vacancies posted below:

  • Sales Executive: Perfect for individuals with excellent communication skills.

  • Customer Service Representative: A growing demand in the service sector.

  • Marketing Professionals: Companies are looking for creative minds to promote their brands.

  • IT Support: A great option for tech enthusiasts.

For those seeking “private jobs in Guwahati,”  Our platform is very effective.

barpeta

 

Welcome to Barpeta: The Heart of Western Assam 🌸

Barpeta, the district headquarters of Barpeta District in Assam, is a picturesque town steeped in history, culture, and natural beauty. Located 90 kilometers (56 miles) northwest of Guwahati, it holds a unique place in the heart of Assam and is one of the major cities in Western Assam.

Nicknamed “Satra Nagari” (Temple Town), Barpeta is renowned for its Vaishnavite Satras, sacred monasteries established by the saint-reformer Srimanta Sankardeva. These Satras have shaped the cultural and spiritual identity of the region.

🌍 Geography at a Glance

  • Coordinates: 26.32°N, 91.0°E
  • Elevation: 35 meters (114 feet)
  • Rivers: Barpeta is graced by three rivers—ChaulkhowaMora Nodi (Dead River), and Nakhanda, all tributaries of the mighty Brahmaputra.
  • Location: Just 40 km away from Manas National Park, a UNESCO World Heritage Site and a tiger reserve, making it a gateway to Assam’s rich biodiversity.

  • barpeta

  • continnue reading click here

Barpeta.org - Always New Update, Jobs In Assam, Exam etc.

 Welcome to Barpeta.org, your one-stop destination for all things related to news, we provide Assam Job and Latest news, wiki insights, School & College Results Admit Card, etc. Our platform is dedicated to keeping you informed and empowered with the latest updates from Barpeta and beyond.

What You’ll Find on Barpeta.org

  • News Updates: Stay informed with accurate and timely local, regional, and national news.

  • Job Notifications: Explore the latest job openings, recruitment alerts, and Assam career opportunities tailored to your needs.
  • Wiki Insights: Discover detailed information about Barpeta’s rich culture, history, and key landmarks.
  • Education Updates: Access results, admission updates, and detailed guides on schools, colleges, and academic resources, etc.

At Barpeta.org, we aim to bridge the gap between information and accessibility, ensuring you never miss an update that matters to you. Explore, learn, and grow with us!

Our Social Media Channels

Facebook

Instagram

YouTube

How to Identify Petrified Wood?

 What is Petrified wood? 

Normally we can recognize any piece of wood by sight even from a distance, but petrified wood cannot be recognized by sight. If you want to know who it is, you must first know what petrified wood is!


Petrified wood is the fossil material that has been turned underground for millions of years through a process called petrification. Its appearance, color and texture are similar to wood and wood mites.

Evaluation or use of petrified wood

1. You can store petrified wood at home.


2. Many Girls also use it as jewelry which becomes most expensive and valuable.


Identifying Petrified Wood: Key Characteristics Reading Continue


Wood Mites - The Eco-Friendly indoor plants and home decor


 Welcome to our woodmites.com. Let’s make nature beautiful and green together. After doing research, we can tell you that this product is very good – temu reviewss

how to get rid of wood mites?


If you are a tree lover, and want to decorate your home like a paradise with plants and wooden furniture, then you have come to the right place. Your dream garden at home. Cultivation, from planting to pruning etc.


Explore our expert advice articles on pros and cons of these types of trees. We have discussed trees pest control and wood Mites furniture pest control in detail in our articles. Stay with us and your home. Make outdoor spaces beautiful and relaxing. 

এখন চিঠি

  Class 11 Assamese Question Answer অতি চমু প্ৰশ্ন (মূল্যাংক-১)  ১। 'এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰঃ ...